Assamese Wikipedia Community

অসমীয়া ৱিকিপিডিয়া, অসমীয়া ৱিকিউৎস আৰু আনুষংগিক ৱিকিমিডিয়া প্ৰকল্পসমূহৰ যিকোনো আলোচনাৰ বাবে এই গোটটো গঠন কৰা হৈছে।

২০০২ চনৰ ২ জুনত ৱিকিমিডিয়া ফাউণ্ডেছনে অসমীয়া ৱিকিপিডিয়া মুকলি কৰিছিল। ওড়িয়া আৰু পঞ্জাবী ৱিকিপিডিয়াৰ লগত অসমীয়া আছিল ভাৰতীয় ভাষাৰ প্ৰথম তিনিখন ৱিকিপিডিয়া। কিন্তু দহবছৰ পাৰ হৈ যোৱাৰ পিছতো অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা পৰ্যাপ্ত নহয়। ইয়াৰ পিছত ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎস‍ই নিজা উপ-ড'মেইন লাভ কৰে।

ফে'চবুকৰ যোগেদি অসমীয়া ৰাইজক ৱিকিপিডিয়া আৰু ৱিকিউৎসলৈ বৰঙণি যোগাবলৈ উদ্বুদ্ধ কৰা আৰু যিকোনো ক্ষেত্ৰত সহায় কৰা এই গোটৰ অন্যতম উদ্দেশ্য।

গোটৰ নীতি: বিজ্ঞাপনধৰ্মী লেখা বা ৱিকিমিডিয়া প্ৰকল্পৰ লগত সংগতি নথকা যিকোনো বিষয়ৰ উল্লেখ পূৰ্বজাননী অবিহনে মচি পেলোৱা হ'ব। অৱশ্যে ৱিকি প্ৰকল্পসমূহৰ লগত সম্পৰ্ক থকা অসমীয়া ভাষা বা টাইপিং সমস্যা বিষয়ক লেখাক এই নিয়মৰ পৰা ৰেহাই দিয়া হৈছে।

অসমীয়া ৱিকিপিডিয়া http://as.wikipedia.org/
অসমীয়া ৱিকিউৎস http://as.wikisource.org/
মেইলিং লিষ্ট https://lists.wikimedia.org/mailman/listinfo/wikipedia-as
ফে'চবুক পৃষ্ঠা http://www.facebook.com/aswikipedia