ফকৰা যোজনা ,জটুৱা ঠাঁচ আৰু ডাকৰ বচন

-------ফকৰা যোজনাৰ বিষয়ে দুই-এষাৰ ------

ফকৰা যোজনা নজনাটো বা নিশিকাটো আমাৰ অসমীয়া জাতিৰ বাবে অতি দুখজনক ।ফকৰা যোজনাৰ দ্বাৰা প্ৰস্ফুটিত হোৱা সন্নিবিষ্ট সংলাপে এক নতুনত্বৰ সন্ধান দিব বুলি আমাৰ বিশ্বাস । আমাৰ অসমৰ চুকে কোণে সূপ্ত হৈ থকা থলুৱা অসমীয়া প্ৰবচনৰ সাৰমৰ্ম বহুতৰ অজ্ঞাত । ব্যৱহাৰিক অভিজ্ঞতাৰ ভিত্তিত সৃষ্টি হোৱা এনে প্ৰৱচনৰ পৰা পোনপটীয়াকৈ বহো শিক্ষা লব পৰা ওপৰিও ই সমাজখনৰ চিন্তা আৰু চহা জীৱনৰ আভাষ দিয়ে। এই গোটটোৰ জৰিয়তে আমাৰ লুপ্ত হব খোজা ফকৰা যোজনা আৰু জতুৱা ঠাঁচ ( FOKORA JOJONA aru JOTUWA THASH) বোৰ বিশ্ব দৰবাৰত জিলিকাই ৰখাই মূখ্য উদ্দেশ্য ।

গোটৰ নিয়ম সমূহ :-
১) গ্ৰুপত ফকৰা সমূহ দিওঁতে কোনো ব্যক্তি বা জাতি জনগোষ্ঠীয়ে আঘাত নোপোৱাকৈ দিব।
২) ফকৰা যোজনা,জতুৱা ঠাচঁ আৰু ডাকৰ বচনৰ বাহিৰে বেলেগ কোনোধৰণৰ বিষয় ইয়াত অবাঞ্চনীয়।
৩) ফকৰা যোজনা,জতুৱা ঠাচঁ আৰু ডাকৰ বচন সমূহৰ পুৰনি প্ৰকাশভংগী , বাক্যৰ গাঠঁনি আদিৰ সালসলনি নকৰাকৈ উপস্হাপন কৰাটো বাঞ্চনীয়।
৪) ফকৰা যোজনা,জতুৱা ঠাচঁ আৰু ডাকৰ বচনৰ লগত সংলগ্ন গঠনমূলক সুৰুচিপূৰ্ণ আলোচনা ইয়াত কাম্য।
৫) গ্ৰুপত ফকৰা যোজনাৰ সম্বন্ধ থকা আৰু শুভেচ্ছা জনোৱা ফটোৰ বাহিৰে ব্যক্তিগত ফটো আদি আপলুড কৰিব নোৱাৰিব ।শুভেচ্ছাৰ লগত সম্বন্ধ থকা ফটোহে দিব পাৰিব ।
৬) কোনো সদস্য তথা ব্যক্তিয়ে গোটৰ নিয়ম ভংগৰ চেষ্টা কৰিলে কোনো জাননী নিদিয়াকৈ তেখেতৰ সদস্যপদ বাতিল কৰাৰ লগতে ভৱিষ্যতলৈ তেখেতৰ প্ৰৱেশ নিষিদ্ধ কৰা হ'ব পাৰে।
৭) ফকৰা- যোজনা সমূহ দিওঁতে ৰোমান লিপিৰে লিপিবদ্ধ নকৰি অসমীয়া লিপিৰে লিপিবদ্ধ কৰাটো বাঞ্চনীয়।
৮) সদৌ শেষত কওঁ আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় ।

(সময় সাপেক্ষে নিয়মাৱলী পৰিবর্তন হ'ব পাৰে)

----- ধন্যবাদ